মৰমৰ আইতা

মৰমৰ আইতা – A letter to my Grandma.

A letter to my Grandma..

মৰমৰ আইতা by Meenakshi

মৰমৰ আইতা,

ভালে আছনে? বাৰিষাৰ বৰষুণে এইবাৰো চোতাল বুৰালে নেকি অ’..?

আজি কিছু দিনৰ পৰা তোলৈ বৰকৈ মনত পৰি আছে। হয়তো, আমাৰ চুবুৰিৰ মুনমিৰ ঘৰলৈ তাইৰ আইতাকক অহা দেখি…। কালি পুৰণি বাকচবোৰ আমি আকৌ উলিয়াই মেলি ঠিক-ঠাক কৰিলো। তই দিয়া আটাইকেইখন বোৱা চাদৰ এতিয়াও আগৰ দৰেই আছে…নতুন..সজীৱ..!

বাৰু, ক’চোন তই মোক প্ৰত্যেক বছৰে বিহুত বিহুৱান হিচাপে চাদৰে কিয় দিছিলিনো? এতিয়া যে বিহু বুলি ঘৰৰ শালত বোৱা একোৱে নোপোৱাই হ’লো, তই আজিকালি চকুৰে মনিব নোৱৰা হ’লি বাবে ন? আগৰবোৰ সযতনে ৰাখিম নহয়, হ’ব দে নতুনকৈ নহ’লেও হ’ব।

সেই যে শেৱালি বোটলাৰ দিনবোৰ, মনত আছেনে? ঘৰত স্কুললৈ যোৱাৰ সময়লৈকে মাতি থাকিব লগা ছোৱালীজনী গাঁৱলৈ গৈ পাঁচ বজাত উঠিব পৰা কেনেকৈ হ’লো ভাবি ভাবি মাহঁত কি আচৰিত হৈছিল! তোৰ লগত সাধু শুনি শুইছিলোঁ, আকৌ খিৰিকীৰ ফাঁকেৰে ৰাতিপুৱাৰ পোহৰ পৰাৰ লগে লগে শোৱাপাটী এৰি শেৱালি বুটলি মালা গাঁথিছিলো… কি যে আনন্দ!! আজিকালি আমাৰ ঘৰতো দুজোপাকৈ শেৱালি গছ, মই পিচে আজিকালি ফুলো নোবোটলো মালাও নাগাঁথো। পিচে এটা কথা কওঁনে… পুৰণি ডাঙৰ ঘৰটো ভঙা বাবে মই মনত বেজাৰ পাইছোঁ …তয়ো যে মোতকৈ বহুগুণে বেছি পাইছ, সেয়া মই জানো আইতা….!

এৰা, বৰ্তমানৰ ঘৰটো বেচ আহল-বহল, ডাঙৰ-দীঘল তথাপি কিয় জানো আগৰ সেই একে বস্তুবোৰ আগৰ ঠাইত পাবলৈ নাই…ঘৰৰ সৰু সৰু বস্তুবোৰৰ ঠিকনাৰ খেলি মেলি হ’ল! সেইযে আগতে ঢেঁকীত খুন্দি আনি বনোৱা ভাপত দিয়া পিঠা, সিদ্ধ ভাতৰ কণী কণী সোৱাদ, জুইত ৰন্ধা অমৰাৰ আঞ্জাখন, ক’তা একোতে আগৰ নিচিনা সোৱাদ নোপোৱা হ’লো দেখোন! আজিকালি তই নাৰান্ধ যে… সেইকাৰণে ন?

আইতাৰ সৈতে মই

সেইযে গৰমৰ দিনত গধূলি পৰত হাতত বিচনী লৈ বেঞ্চখনত বহি বহি গাইছিলি “সন্ধিয়াৰ আকাশত বগলী উৰে, আইৰে ঘৰলৈ মনতে পৰে…” আস কি ধুনীয়া মাত তোৰ…। মই যে হঠাৎ এদিন তপৰাই সুধিছিলো “আইতা তোৰ আইলৈ মনত পৰেনে?” তই অ’ বুলি মাথোঁ চুটি উত্তৰ এটা দিছিলি আৰু কৈছিলি তোৰ বিয়া হেনো তেৰ বছৰতে হৈছিল…জনা নজনা বুজা নুবুজাৰ মাজতে হয়তো ধৰিব পাৰিছিলোঁ,  ছোৱালী জীৱন ইমান সহজ নহয়!!

পিচে আজিকালিতো আৰু মই তোৰ লগত শুব নাপাওঁ, মোৰ ঠাইত এতিয়া মইনাই শুৱে যে ! আৰু মই নুবুজিব বিচাৰিলেও সিহঁততকৈ ডাঙৰ কাৰণে বুজিব লাগে! তই পিচে মোতকৈ মইনাক বেচি মৰম কৰ নেকি? তহঁতৰ সৰল মনৰ বহল হৃদয় সেইবাবে সৰু সৰু কথাবোৰ কেতিয়াও ধৰি নাথাক…আৰু আমিবোৰ…??!! আমি হ’লো কৃত্ৰিম দেশৰ যান্ত্ৰিক প্ৰাণী, ঠেক মনবোৰত আভিজাত্যৰ মিছা আৱৰণ! নাজানো কি লাগে কিহৰ তাড়না, মাথোঁ দৌৰি আছোঁ…কোন দিশে আমাৰ লক্ষ্যৰ অৱস্থান কোনে জানে…?! সেইবাবে তহঁতক এষাৰ মাত দিয়াৰ সময়কণো নাই!

যোৱাবাৰ আহিবৰ সময়ত তই যে কেৰুযোৰ দিছিলি, তোৰ চকুত অস্পষ্ট সপোন এটা দেখিছিলোঁ, কইনা সাজেৰে কপালত ৰঙা বেলিটোৰে তই নে মই ..ঠিক চিনিব নোঁৱাৰিলো..সেইবাবে হয়তো বহুতে কয় মই হেনো দেখিবলৈ তোৰ নিচিনা…..
আইতা,তোক সঁচাকৈ বহুত ভাল পাওঁ। তোৰ সান্নিধ্যত মোৰ ককবকাই থকা হুমুনিয়াহবোৰ নাইকিয়া হয়…আচলতে কি জান, তহঁতে নিজে নাৰাখি বেলেগক বিলাই দিও সুখী, আমি কাকো নিদি নিজে সকলো ৰাখিও অসুখী !! বাকী নিজৰ যত্ন ল’বি, ভালকৈ খোৱা-লোৱা কৰিবি আৰু ঔষধবোৰ সময়মতে খাবি..।
পুনঃ দুয়োফালে ম’বাইল ফোন থকা স্বত্বেও সঘনাই কথা পতা নহয়, ম’বাইলত কথা পাতোঁতে তোৰ চকুহাল ভালকৈ দেখা নাপাওঁ যে !!

ইতি,

তোৰ মাই

মিনাক্ষী বৈশ্য

(আইতা, য’তে আছা, ভালে থাকা। )

The letter was also published in the Assamese Daily- Amar Asom on 05/03/2021.

Related Read: সমাজ আৰু মই – A tangled life.

Loved it? Let's share!

Leave a Reply

Your email address will not be published. Required fields are marked *