মেম মাৰাক সমীপেষু – A Letter to my Teacher

Updated on
মেম মাৰাক , Ma'am Queenbala Marak

শ্ৰদ্ধা‌ আৰু মৰমৰ মেম,


আপোনাৰ অফিচ ৰূমত সোমায়েই প্রথমে আপোনাৰ টেবুলত থকা পাহাৰ সদৃশ কিতাপবোৰলৈ মোৰ চকু যায়। কিমান যে কিতাপ আছে কোঠাটোত..টেবুল..আলমাৰি..ৰেক..চকী..সকলোতে! 


আপোনাৰ অফিচ ৰূমৰ দৰ্জাত চুচুক-চামাককৈ থিয় হৈ যেতিয়া মই “মেম” বুলি মাতষাৰ দিছিলোঁ আৰু আপুনি যেতিয়া “য়েছ” বুলি কৈ কম্পিউটাৰ স্ক্ৰীনৰ পৰা ঘূৰি চাইছিল কিয় জানো এনেকুৱা লাগিছিল পৃথিৱীৰ সবাতোকৈ নিৰাপদ ঠাইত আহি উপস্থিত হৈছোঁ। জীৱনত কেতিয়াও শিক্ষক-শিক্ষয়িত্ৰীৰ সন্মুখত বহি নোপোৱা মইজনীক যেতিয়া আপুনি “প্লিজ চি্ত ডাউন” বুলি কৈছিল, মই আৰম্ভণিতে খুব অসহজবোধ কৰিছিলো। কিন্তু স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰম অনুসৰি যিহেতু ডিজাৰ্টেশন লাগে আৰু সেই সূত্ৰে আপোনাক গাইড হিচাপে যেতিয়া পালোঁ তেতিয়া সঘনাই আপোনাৰ অফিচ ৰূমলৈ যোৱা কৰিলো। আপোনাৰ অফিচ ৰূমৰ ভাইভাবোৰ মোৰ ভয় আৰু ভাল দুয়োটাই লাগিছিল । আপোনাৰ কিমান যে প্ৰশ্নৰ উত্তৰ দিয়ায়ে নহ’ল…যেনে, এটা ধাৰণা বা কন্চেপ্ বুজাবলৈ আপুনি যেতিয়া সুধিছিল মই কি কৰি ভাল পাওঁ? চিনেমা চাই? মোৰ কোৱা নহ’ল যে মই আত্মজীৱনীমূলক কিতাপ পঢ়ি ভাল পাওঁ..বহুত! মোৰ কোৱা নহ’ল যে মই কিয় গৌহাটী বিশ্ববিদ্যালয়ত নপঢ়িলো অথচ মেৰিট্ লিষ্টত নামটো আছিল (মই নিজকে নতুনকৈ অন্বেষণ কৰিব বিচাৰিছিলো)। মোৰ কোৱা নহ’ল পিছলৈ মই চুলি কিয় চুটিকৈ কাটিছিলো (আপোনাৰ নিচিনা দেখিবলৈ)। আপুনি যেতিয়া মোৰ এটা অধ্যায়ৰ প্ৰথমৰ দুটা শাৰী পঢ়ি “চো পোয়েটিক্” বুলি কৈছিল.. মোৰ কোৱা নহ’ল ৰাতি দুই বজাত লিখা ডিজাৰ্টেশনৰ অধ্যায়ৰ ভাষা কাব্যিক নোলায় আৰুনো কি হ’ব?! এৰা কথাবোৰ ক’বলৈ নহ’ল!

আকৌ মোৰো কিমান যে কথা সুধিবলৈ থাকি গ’ল।যেনে,মোৰ সুধিবলৈ মন আছিল আপুনি আশে-পাশে ইমান কুকুৰ লৈ কিয় ফুৰে? মোৰ সুধিবলৈ মন আছিল আপুনি পঢ়া-শুনাৰ উপৰি অন্য কি কৰি ভাল পায়? মোৰ জানিবলৈ বহুত মন আছিল আপুনি বাৰু প্রত্যেকটা কথা কেনেকৈ ইমান মন দি শুনিব পাৰে বা লগতে কেনেকৈ একেলেথাৰিয়ে মনতো ৰাখিব পাৰে? বহুবাৰ মন কৰিছিলোঁ, ৰাষ্টাত ক’ৰবাত সৰু ল’ৰা-ছোৱালী দেখিলেই মাতিবলৈ ওচৰলৈ গুচি গৈছিল, সৰু ল’ৰা-ছোৱালী বহুত ভাল পাই চাগে ন?এৰা, সময় যথেষ্ট আছিল নে !

এতিয়া চালে এবছৰ যথেষ্ট কম আছিল..কিন্তু সেই এবছৰত জীৱন বা গৱেষণা সম্পৰ্কত আপোনাৰ পৰা যিখিনি শিকিলোঁ সেয়া কোনো কাৰণতে কম নাছিল! আপুনি প্ৰায়ে কৈছিল, এতিয়া ভালকৈ শিকি-বুজি লোৱা তেতিয়াহে ভৱিষ্যতে কামবোৰ ভালকৈ কৰিবলৈ পাৰিবা আৰু সেইবাবে হয়তো বাৰে-বাৰে ঘূৰাইছিল..প্ৰত্যেকটো অধ্যায় আৰু নিখুঁত কৰি অনাটো বিচাৰিছিল। এবাৰ বহুদিনৰ অন্তৰালত, মই যেতিয়া দেখুৱাবলৈ গৈছিলো, আপুনি মোৰ লিখাখিনি চকু ফুৰাই থকাৰ মাজতে “হাউ হেভ ইউ বিন্?” বুলি যেতিয়া সুধি দিছিল..কিয় জানো ইমান আপোন আপোন লাগিছিল। ঘৰৰ পৰা দূৰৈত থকা আমিবোৰে যেতিয়া মৰমৰ মাত এষাৰ পাওঁ, মনটো ক’ব নোৱৰাকৈয়ে ভিজি উঠে! এটা ৰাষ্ট্ৰীয় কৰ্মশালাৰ কাৰণে ভোপাল যাবলৈ সুযোগ পাওঁতে ইমান যে ভয় লাগিছিল.. ইমান দূৰ, উৰাজাহাজত প্ৰথম উঠিম তাকো অকলে (লগত এজন সহপাঠী আছিল যদিও তাৰো ইমান এটা আইদিয়া নাছিল)! তেতিয়া আপুনি কৈছিল; “ইটস ওকে, দেয়াৰ ইজ অলওয়েজ এ ৰ্ফাষ্ট তাইম”.. সঁচাকৈয়ে সেই শাৰী বাক্য মই মোৰ জীৱনৰ মূল মন্ত্ৰ হিচাপে লওঁ। প্ৰথমে যিকোনো এটা বিষয় কিম্বা কাম কঠিন লগাটো স্বাভাৱিক, কিন্তু প্ৰথমবাৰৰ ভয়খিনি জয় কৰিব পাৰিলে, সেই একেইখিনি কাম উজু হৈ গৈ থাকে। বহু কথা আপুনি কৈ শিকোৱা নাছিল..আপুনি কৰি বুজাইছিল। আপুনি শিক্ষাগুৰু হৈয়ো যিকোনো এটা কামৰ আগতে ছাত্ৰ-ছাত্ৰীসকলক সুধি লোৱা অভ্যাসটো “কেন ইউ দু দিজ্?”..”কেন আই চি?”… ইত্যাদি কথাবোৰেই আপোনাক উৰ্ধত ৰাখে। শেষত চুটিকৈ আৰু এটা কথা ক’ব বিচাৰোঁ, আপোনাৰ এই সকলোকে মৰমেৰে আঁকোৱালি ল’ব পৰা গুণটোৱে বুজাব নোৱৰাকৈয়ে আপোনাক সকলোৰে প্ৰিয় কৰি তুলে!


কিছু দূৰ আহিলো যদিও এতিয়াও বহু যোজন বাট বাকী! জীৱনৰ সহজ-কঠিন পথত আমাৰ নিচিনা ছাত্ৰ-ছাত্ৰীক আপোনালোকৰ নিচিনা শিক্ষাগুৰুৰ খুবেই প্ৰয়োজন। ধন্যবাদ মেম, আপোনাৰ সান্নিধ্যত মোৰ সৰু মনটোৱে বহু কথা বুজি চাবলৈ সুবিধা পালে! আপুনি সদায়েই ভালে থাকক। শেষ দিনৰ স্মৃতিয়ে মনটো টানি ধৰে, সেয়েহে LeAnne Howe’ৰ ভাষাত;

“The rest of the visit blurs.

My last memories are from that day.

She waves to me from her front porch.”

ইতি             

আপোনাৰ সদায়েই দেৰিকৈ অহা ছাত্ৰী


পুনঃ আপুনি কোনো এটা কথা কোৱাৰ আগতে মনৰ ভিতৰত বাৰে বাৰে যুকিয়াই চোৱা, আমাক জুখি চাবলৈ প্ৰায়ে কথাবোৰ প্ৰত্যক্ষ বা চিধাকৈ নোকোৱা, শব্দ উচ্চাৰণত ভুল হ’লে শুধৰাই দিয়া, খালী ঠাই পূৰণ কৰা লেখীয়া আপোনাৰ প্ৰশ্নবোৰ “ইউ আৰ গোয়িং হোম বিক’জ ___”, কথাবোৰ পাহৰিব বুলি লিখি থোৱা.., সকলো সময়তে অত্যন্ত চোকা দৃষ্টিৰে আমাক নাৰ্ভাছ কৰা, কোনো এটা বস্তু চালে চাই থাকিব পৰা.., আপুনি কথাৰ মাজতে ৰখাই “ওৱান চেকেন্দ হা” বুলি কোৱা…, ‌‌আদি-ইত্যাদি সকলো কথাবোৰেই মোৰ মনত আপোনাক এটি বিৰামহীন চিনাকী কবিতাৰ আকাৰ দিয়ে!

Ma’am Queenbala Marak.

Cover Photo: mozlase__ from Pixabay

ABOUT THE AUTHOR

Photo of author
Meenakshi Baishya is an Anthropology PhD Scholar at North-eastern Hill University in Shillong, India.

Leave a Comment